মহিলাৰ বাবে উপযোগী ১০টা ব্যৱসায়ৰ উপায় 2017

By | March 24, 2017

সময়ৰ লগে লগে যিদৰে বিজ্ঞান-প্ৰযুক্তি ব্যৱসায়-বাণিজ্য আদিত পুৰুষ সকলে আগবাঢ়ি গৈছে নি- সন্দেহে মহিলা সকলো পিছপৰি থকা  নাই। বৰ্তমান মহিলা সকলেও সময়ৰ সৈতে খোজ মিলাই সকলো দিশতেই আগবাঢ়ি গৈছে। আজি আমি ইয়াত এনেধৰণৰ ব্যৱসায়ীক ধাৰণাৰ বিষয়ে আলোচনা কৰিব লৈছোঁ যিবোৰ মহিলা সকলৰ বাবে উপযোগী।

Use Your ideas মহিলাৰ

সৰু-অংক সৰু বাজেট সৰু মূলধন সৰু লাভৰ পৰাই লাহে লাহে বৃহৎ সফলতাৰ দিশত ধাৱমান হব আৰু নিজৰ ঘৰ, সমাজ, দেশৰ উন্নতিৰ কাৰণ হৈ পৰিব।

 

#1 লেখা প্ৰস্তুত কৰা

  • মূলধন:- ৩০০০-২০,০০০ টকা
  • মূলধন ঘূৰাই পোৱাৰ সময়:- ১-৬ মাহ
  • পায়োজনীয় :- ইণ্টাৰনেটৰ ব্যৱস্থা, কম্পিউটাৰ, ৱেব চাইট সমূহৰ

যদিহে আপোনাৰ লিখা–মেলা কৰাত চখ তথা ব্যুৎপত্তি আছে তেন্তে আপুনি নিজৰ লেখা সমূহ বিক্ৰী কৰি লাভবান হব পাৰে। আপুনি নানান ব্লগ আদিৰ বাবে আপোনাৰ লেখা সমূহ দিব পাৰে। তদুপৰি বহু ৱেবছাইটত এনে লেখা প্ৰস্তুত কৰাৰ বাবে কিছুমান কাম দিয়া থাকে যাৰ বাবে তেওঁলোকে বিশেষ মূল্য দিয়ে। এইদৰে ও আমাৰ মাজৰ মহিলা সকলে লাভবান হব পাৰে।

মাত্ৰ ১০,০০০ টকাৰ মুলধনেৰে আৰম্ভ কৰিব পৰা ক্ষুদ্ৰ অথচ লাভজনক ব্যৱসায়ৰ তালিকা

 #2 বিউটি পাৰ্লৰ

  • মূলধন:- ৫০,০০০-৩০০,০০০ টকা
  • মূলধন ঘূৰাই পোৱাৰ সময়:- ১-২ বছৰ
  • প্ৰয়োজনীয়:- প্ৰশিক্ষণ, আচবাব, পাৰ্লৰৰ আহিলাসমূহ

বৰ্তমান প্ৰায় সকলো মহিলা নিজকে সুন্দৰ দেখাবলৈ মেক আপ আদি সাজ-সজ্জাৰ বাবে প্ৰায়েই পাৰ্লৰলৈ ঢাপলি মেলে। তদুপৰি বিয়া আদিৰ দৰে অনুষ্ঠান সমূহতো এনে পাৰ্লৰৰ যথেষ্ট বাঞ্চনীয় হৈ পৰা দেখা যায়। গতিকে এগৰাকী মহিলাই এনেধৰণৰ পাৰ্লৰ খুলি নিশ্চিত ভাবে লাভবান হ’ব পাৰে।

 

 #3 ৰেস্তোৰাঁ বা হোটেল

  • মূলধন:-  ৫০,০০০-৩০০,০০০ টকা
  • মূলধন ঘূৰাই পোৱাৰ সময়:- ২-৩ বছৰ
  • প্ৰয়োজনীয়:- উপযুক্ত স্থান, আচবাব(ফাৰনিচাৰ), পৰিচায়ক, ৰান্ধনী

দৈন্যদিনভাৱে প্ৰয়োজনীয় বস্তু যিহেতু খাদ্য, গতিকে এই ব্যৱসায়ৰ নিশ্চিতভাৱে এক সম্ভাৱনা আছে। উপযুক্ত স্থান তথা উন্নত মানৰ খাদ্য সামগ্ৰী, চাফ-চিকুণতা আদিৰ সহায় এই ব্যৱসায়ত প্ৰতিষ্ঠা লাভ কৰিব পৰা যায়। অফিচ-কাছাৰী, ঘৰ আদিত যদি যোগান ধৰা সুবিধা থাকে তেন্তে এই ব্যৱসায়ত অধিক লাভৱান হ’ব পৰা যায়।

10 Small Business Ideas For Women 2017

 #4 অনুষ্ঠান পৰিচালনা (Event Management)

  • মূলধন:- ৫০,০০০-৪০০,০০০ টকা
  • মূলধন ঘূৰাই পোৱাৰ সময়:- ১-৪ বছৰ
  • প্ৰয়োজনীয় :- উপযুক্ত স্থান, আচবাব, ৰান্ধনী, সহায়ক, আৰু বাচন-বৰ্তন

ভাৰতবৰ্ষৰ দৰে দেশত প্ৰতিদিনে নানান ধৰণৰ অনুষ্ঠান উৎযাপন কৰা হয়। এনেধৰণৰ ব্যৱসায়ৰ যোগেদিও আপোনালোকে যথেষ্ট লাভৱান হ’ব পাৰে। এনে অনুষ্ঠানৰ ভিতৰত পৰে বিয়া, জন্মদিন, চেমিনাৰ, সভা ইত্যাদি।

প্ৰথমতে সৰু অনুষ্ঠানৰ পৰা আৰম্ভ কৰি পিছলৈ ডাঙৰ অনুষ্ঠানত অনুষ্ঠিত কৰিব পৰা যায়। ইণ্টাৰনেট, ৱেবছাইট আদি নানাৰ ব্যৱস্থাৰে নিজৰ অনুষ্ঠানৰ বিষয়ে মানুহৰ মাজত প্ৰচাৰ কৰি লাভৱান হ’ব পৰা যায়।

 

 #5 ৱেব ডিজাইনিং

  • মূলধন:- ২০,০০০-৫০,০০০
  • মূলধন ঘূৰাই পোৱাৰ সময়:- ১-২বছৰ
  • প্ৰয়োজনীয়:- শিক্ষা তথা ইণ্টাৰনেটৰ প্ৰয়োজন

বৰ্তমানে সৰু-বৰ সকলো প্ৰতিষ্ঠানে নিজৰ ৱেবছাইট খোলাটো এটা সাধাৰণ কথা হৈ পৰিছে। গতিকে এনেধৰণৰ ৱেব ডিজাইনিং কৰি আমাৰ সমাজৰ মহিলা সকলে লাভৱান হৱ পাৰে। HTML, SQL, CSS, PHP ইত্যাদি বিষয় সমূহত অৰ্হতা লাভ কৰি মহিলা সকলে বৃহৎ ভাবে লাভ হ’ব পাৰে ।

 

 #6 ব্যক্তিগত ভাবে টিউচন ক্লাছ

  • মূলধন:- ১০,০০০-১০০,০০০
  • মূলধন ঘূৰাই পোৱাৰ সময়:- ৩মাহ
  • প্ৰয়োজনীয়:- শ্ৰেণীকোঠা, শ্ৰেণীকোঠাৰ আচবাব আৰু শিক্ষক এগৰাকী

শিক্ষিত মহিলাই দিনটোৰ কেইঘণ্টামান মাত্ৰ খৰছ কৰি স্বাৱলম্বী জীৱন যাপন কৰিব পাৰে। লগতে ওচৰ পাজৰৰ ছাত্র-ছাত্ৰী সকলো লাভবান হব পাৰে।

 

 #7 খুচুৰা দোকান

  • মূলধন:- ৩০০,০০০-১৫০,০০০
  • মূলধন ঘূৰাই পোৱাৰ সময়:- ২বছৰ পৰা ৫ বছৰ
  • প্ৰয়োজনীয়:- উপযুক্ত স্থানত দোকানঘৰ ,সামগ্ৰী তথা সহায়ক

আপুনি যিকোনো ধৰণৰ এখন খুচুৰা দোকান আৰম্ভ কৰিব পাৰে। তাৰ বাবে মূল প্ৰয়োজনীয় কথা হ’ল দোকানখনৰ স্থান। জনবসতি পূৰ্ণ স্থানত খোলা এখন দোকান লাভ বেছিকৈ কৰাটো নিশ্চিত কৰে। তদুপৰি দোকানখন কিহৰ খোলাটো উচিত হব সেইটো নিশ্চিত কৰিব জনসাধাৰণৰ দাবী অৰ্থাৎ প্ৰয়োজনে ক্ৰেতা সমূহৰ প্ৰয়োজন সমূহ পূৰাব পাৰিলেহে এনে দোকান সমূহৰ পৰা সুফল লাভ কৰিব পৰা যাব।

 

 #8 হাতেৰে নিৰ্মিত সামগ্ৰী

  • মূলধন:- ৩০,০০০-১০,০০০ টকা
  • মূলধন ঘূৰাই পোৱাৰ সময়:- ৩ মাহৰ পৰা ১ বছৰ
  • প্ৰয়োজনীয়:- প্ৰশিক্ষণ, নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী তথা আহিলা

ঘৰৰ কামত ব্যস্ত হৈ থকা তথা দিনটোৰ বাবে ঘৰতেই থকা মহিলা সকলেও এই ব্যৱসায় আৰম্ভ কৰিব পাৰে। মহিলা সকলে ইয়াৰ বাবে মাত্ৰ এনে সামগ্ৰী নিৰ্মাণৰ জ্ঞান থাকিব লাগিব। এই জ্ঞান আহৰণ কৰাৰ পিছতেই আজৰি সময়ত এনে সামগ্ৰী নিৰ্মান কৰি উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিব পাৰে।

 

 #9 খোৱা সামগ্ৰী প্ৰস্তুত কৰা তথা যোগান ধৰা

  • মূলধন:- ৩৫,০০০-১০০,০০০ টকা
  • মূলধন ঘূৰাই পোৱাৰ সময়:- ৬ মাহৰ পৰা -২বছৰ
  • প্ৰয়োজনীয়:- ৰান্ধনিঘৰ, যোগান ধৰাৰ বাবে কৰ্মচাৰী ,বাচন বৰ্তন নানান প্ৰয়োজনীয় সামগ্ৰী

যিহেতু বৰ্তমান সময়ত স্কুল-কলেজে, অফিচ-কাছাৰী, দোকান-ব্যৱসায়িক প্ৰতিধান আদিত দুপৰীয়া আহাৰ যোগান ধৰাৰ ব্যৱসায়ে জন প্ৰিয়তা লাভ কৰিছে। এগৰাকী মহিলাই এনেধৰণৰ ব্যৱসায় দ্বাৰাও স্বাৱলম্বী হৱ পাৰে। এই ব্যৱসায় নিজৰ ঘৰৰ পাকঘৰৰ পৰাই আৰম্ভ কৰিব পৰা যায়।

10 Proven Profitable Business Ideas To Start Under Rs. 10,000 In India 2017

 #10 আমদানি আৰু ৰপ্তানি (EXPORT AND IMPORT)

  • পুঁজি:- ২০,০০০-১০০,০০০ টকা
  • মূলধন ঘূৰাই পোৱাৰ সময়:- ৩-১২ মাহ
  • প্ৰয়োজনীয়:- ভাড়াতীয়া গাড়ী, ইণ্টাৰনেট,পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী সৈতে যোগাযোগ

এই ব্যৱসায়ৰ মুখ্য ধাৰণা হল কিনা আৰু বিক্ৰী কৰা। এই ধৰণৰ ব্যৱসায়ত আপুনি মধ্যস্থকাৰী ৰূপে কাম কৰিব লাগিব আপুনি পাইকাৰী ব্যৱসায়ীৰ পৰা মাল আমদানি কৰি খুচুৰা ব্যৱসায়ী ওচৰত যোগান ধৰিব লাগে। যাৰ বাবে আপুনি দুয়োপক্ষৰ লগত  যোগাযোগ ৰক্ষা কৰি চলিব লাগিব। এইকাম ফোন কলৰ দ্বাৰাই সমাপন কৰিব পৰা যায়। এই ব্যৱসায়ত পুঁজিবিহীন ভাৱেও আৰম্ভ কৰিব পৰা যায়। যাৰ বাবে খুচুৰা বিক্রেতাৰ পৰা পইচা লৈ পাইকাৰী ব্যৱসায়ীক পইচা দি এই ব্যৱসায় আৰম্ভ কৰিব পৰা যায়।

বৰ্তমান যুগৰ লগত খোজ মিলাই মহিলা সকলো আগবাঢ়ি গৈছে যদিও আমাৰ দেশৰ বহুতো মহিলাই বৰ্তমানেও পাকঘৰ চাৰিবেৰৰ মাজতে আবদ্ধ হৈ আছে। এনেধৰণৰ ব্যৱসায়ৰ উপায়সমূহৰ পৰা সেই মহিলা সকল উপকৃত হব বুলি আমাৰ দৃঢ় বিশ্বাস। তেওঁলোকে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও ঘৰখনৰো আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ অৰিহণা আগবঢ়াব পাৰিব।

2 thoughts on “মহিলাৰ বাবে উপযোগী ১০টা ব্যৱসায়ৰ উপায় 2017

Leave a Reply

Your email address will not be published. Required fields are marked *