ঘৰতে বহি উপাৰ্জন কৰিব পৰা কিছুমান অনলাইন কাৰ্য।

By | October 7, 2017

অনলাইন

অনলাইন কাৰ্য

Request:
useyourideas.com  ৰ যোগেদি ইণ্টাৰনেটত অসমীয়াত লিখাৰ এই শুদ্ৰ প্ৰচেষ্টাত যদি কিবা ভুল-ক্ৰুটি থাকি যায় তাক আঙুলিয়াই দিবলৈ আৰু লিখনিতোৰ ওপৰত আপোনাৰ মতামত দি আমাক উৎসাহিত কৰিবলৈ সমূহ পঢ়ুৱৈক অনুৰোধ জনালোঁ”

যদিহে আপুনি কোনো অফিচ-কাছাৰী আদিত চাকৰি কৰিবলৈ ইচ্ছুক নহয় তেন্তে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ বৰ্তমানে উপাৰ্জনৰ অসংখ্য উপায় আছে। তাৰে কেইটামান অন্যতম উপায় তলত উল্লেখ কৰা হ’ল।

যদিহে কোনো ব্যক্তিগত কাৰকৰ বাবে আপুনি দৈনিকভাৱে কাম কৰাৰ ক্ষেত্ৰত অপাৰগ তেন্তে বিচলিত হোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ আপুনি ঘৰতে বহিয়েই অনলাইনত বহু কাম কৰিব পাৰে। যি আপোনাক যথোপযুক্ত পৰিমাণৰ উপাৰ্জন প্ৰদান কৰিব। আমি ইয়াত তেনেধৰণৰ সময় উপযোগী কেইটা মান অনলাইন কাৰ্যৰ বিষয়ে উনুকিয়াম।

#১ অস্থাৱৰ সহায়কাৰী:

বিভিন্ন উদ্যোগী ব্যক্তি, পেছাদাৰী ব্যক্তি তথা কিছুমান সৰু সৰু দলক কেতিয়াবা প্ৰশাসনিক কাৰ্যত সহায়ৰ প্ৰয়োজন হয়। উদাহৰণ স্বৰূপে দৈনিক দিনপঞ্জীৰ প্ৰস্তুত কৰা, বিনিয়োগকাৰী তথা ক্রেতাৰ সৈতে যোগাযোগ ৰক্ষা কৰা, ব্যৱসায়িক প্ৰপত্ৰ আদি প্ৰস্তুত কৰা (যেনে Powerpoint, Excel) ব্লগ তথা ৱেবচাইট আদিৰ দিশ সমূহক সাঙুৰি ল’ব পৰা যায়। এনে অস্থাৱৰ সহায়কাৰী সমূহ ঘৰতে এনে লোক সকলৰ বাবে সেৱা প্ৰদান কৰে।

এনে কাৰ্যৰ বাবে আপোনাৰ নূন্যতম যোগ্যতাৰ প্ৰদশন কৰিব লাগে তদুপৰি আপোনাৰ কথন তথা লিখন শৈলী যদিহে উন্নতমানৰ হয় আৰু MS Office আদিৰ দৰে এপ্লিকেচনৰ সৈতে যদি আপুনি পৰিচিত তেন্তে নিশ্চিতভাবে আপুনি এই কাম আৰম্ভ কৰিব পাৰে। যাৰ বাবে আপুনি Elance.com তথা Zirtual.com আদিত নিয়মীয়াকৈ নিৰীক্ষণ কৰিব পাৰে আৰু এনে কাম কৰি উপকৃত হ’ব পাৰে।

উপাৰ্জনৰ হাৰ: ₹.৫০০ পৰা ₹.৪০০০পয্যন্ত।

#২ অনুবাদৰ সেৱা:

যদিহে আপুনি একাধিক ভাষাত লিখা ও কোৱা সলসলীয়াকৈ কৰিব পাৰে তেন্তে ই নিশ্চিতভাবে আপোনাৰ বাবে এক সুযোগৰ বিষয় হৈ পৰিব পাৰে। যদিহে আপুনি আপোনাৰ বিচক্ষনীয় বহুভাষিতৰ অনুমান দিব পাৰে তেন্তে অনলাইনত বহুতো বিদেশী প্ৰতিষ্ঠান তথা উদ্যোগ আদিৰ প্ৰয়োজনীয় অনুবাদৰ কাম কৰি আপুনি নিজে উপকৃত হ’ব পাৰে। এনে ধৰণেৰে উপাৰ্জনৰ বাবে আপুনি জনপ্ৰিয় ৱেবচাইট Fiverr.com, Upwork.com আদিলৈ যাব পাৰে।

উপাৰ্জনৰ হাৰ: ₹.১ ৰ পৰা ₹.৫ পয্যন্ত প্ৰতি শব্দ।

 

#৩ ব্লগিং

বিগত প্রায় এক দশক যুৰি ব্লগিংএ জনপ্ৰিয়তা লাভ কৰি আহিছে। এনেদৰে ব্লগিং কৰিও আপুনি নিশ্চিতভাবে লাভৱান হ’ব পাৰে। যাৰবাবে আপুনি আপোনাৰ ব্লগটোত বিজ্ঞাপণৰ বাবে মুকলি কৰিব লাগিব, যিবোৰ বিজ্ঞাপনৰ প্ৰতিষ্ঠানে আপোনাক মাননি প্ৰদান কৰিব। তাৰবাবে কৰিব লগীয়া প্ৰথম কামটো হ’ল যে Google Adsense ত নতুনকৈ সদস্য হিচাপে অন্তৰ্ভুক্ত হোৱা(Sign Up)। যিয়ে আপোনাৰ ব্লগত ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ বিজ্ঞাপনৰ বাবে অনুমতি প্ৰদান কৰিব। ইয়াৰ বাবে মাত্ৰ আপোনাৰ সদস্যভুক্তি আবেদন গ্ৰাহ্য কৰালৈকে অপেক্ষা কৰিব লাগিব। এবাৰ এনে আবেদন গ্ৰাহ্য কৰাৰ লগে লগে আপুনিও এনে বিজ্ঞাপন সমূহৰ পৰা উপাৰ্জন আৰম্ভ কৰিব পাৰে।

আনহাতে আপুনি আনকোনো অনলাইন বিক্ৰেতাৰ সামগ্ৰীৰ বিষয়ে প্ৰচাৰ কৰিও অৰ্থ উপাৰ্জন কৰিব পাৰে।

উপাৰ্জনৰ হাৰ: বিজ্ঞাপন সমূহে প্ৰতি ২”x২” ঠাইৰ বিপৰীতে ₹.২০০০ ৰ পৰা ₹.১৫০০০ টকা প্ৰতি মাহে প্ৰদান কৰিব পাৰে।

#৪ অনলাইন সামগ্ৰী বিক্ৰী:

যদিহে আপোনাৰ বস্তুৰ বাচনিত সুনিপুনতা আছে বা ভাল বস্তু সোনকালে বাচনি কৰিব পাৰে তেন্তে সেই গুণৰ সহায়ত আপুনি নিশ্চিতভাবে লাভৱান হ’ব পাৰে। আপুনি বাচনি কৰি লোৱা সমগ্ৰীবোৰ লৈ সেইবোৰ নিদিষ্ট দামত অনলাইন বজাৰত মুকলি কৰিব পাৰে।

এই সমগ্ৰীসমূহ আপুনি Amazon, eBay আদিৰ সহায়ত বিক্ৰী কৰিব পাৰিব। এই চাইট বিলাকে নূন্যতম পাৰিতোষিককৰ বিনিময়তেই আপোনাৰ সামগ্ৰী বিক্ৰী কৰাৰ সুবিধা প্ৰদান কৰে। যিকোনো এটা বস্তু বিক্ৰী হোৱাৰ পৰা ৫ পৰা ৭ দিনৰ ভিতৰত আপুনি আপোনাৰ টকা পাব।

 

#৫ YouTubeৰ ভিডিও নিৰ্মান:

বৰ্ত্তমনে You-Tube জনপ্ৰিয় তথা সহজসাধ্য এটা মাধ্যম। যদিহে আপোনাৰ কেমেৰাৰ সন্মুখীন হোৱা চক আছে আৰু আপোনাৰ ওচৰত ভাল ভিডিও কেমেৰা আছে আপুনি ভিডিও নিৰ্মান কৰি – প্ৰচাৰ কৰি উপাৰ্জন আৰম্ভ কৰিব পাৰে। তাৰ বাবে প্ৰয়োজন হ’ব অদ্বিতীয় নিৰ্মাণ শৈলী ও বিষয় বস্তু।

খাদ্য ৰেচিপি প্রস্তুতকৰণ প্ৰণালীৰ পৰা ৰাজনীতিলৈকে যিকোনো ভিডিও’ই You-Tube ত স্থান লাভ কৰিব পাৰে। তাৰ বাবে আপুনি You-Tube ৰ এটা সদস্য ভুক্তি চেনেল খুলিব লাগিব যি 

সম্পূণ বিনামূলীয়া। তাৰ পিছতেই শ্ৰোতাৰ সংখ্যা বঢ়াৰ লগে লগে You-Tube আপোনাৰ উপাৰ্জনৰ বাট মুকলি কৰিব।

উপাৰ্জনৰ হাৰ: প্ৰতি ১০০০ দৰ্শনৰ বিপৰীতে ₹.২০০-৩০০ টকাৰ উপাৰ্জন কৰিব পৰা যায়।

#৬ ৱেব ডিজাইনৰ উন্নতিকৰণ:

যদিহে আপোনাৰ ৱেব ডিজাইনিং নতুবা ক’ডিঙৰ বিশেষ জ্ঞান আছে তেন্তে আপুনি নিশ্চিতভাবে ৱেবৰ উন্নতিকৰণৰ কাম আৰম্ভ কৰিব পাৰে। যদিও আপুনি ৱেব ডিজাইনিঙৰ ক্ষেত্ৰত নতুন তেন্তে অনলাইনত উপলব্দ শিক্ষণৰ চাইট সমূহৰ পৰা এই কাম আৰম্ভ কৰিব পাৰি। ৱেব ডিজাইনিঙৰ এই কাম সমূহ যিহেতু কিছুমান বিশেষ প্ৰতিষ্ঠানো দিয়ে গতিকে আপুনি সহজতে অনলাইনত এনে কাম সমূহ ল’ব পাৰে আৰু লাভৱান কৰিব পাৰে।

উপাৰ্জনৰ হাৰ: নিদিষ্ট কাম তথা কামৰ যোগান ধৰা কোম্পানীৰ ওপৰত নিৰ্ভৰ কৰি এই হাৰ ₹.১,০০০-₹.১,০০,০০০ পর্যন্ত হ’ব পাৰে।

 

#৭ লিখনি প্ৰস্তুতকৰন:

Freelancer ৱেবচাইটত চাহিদা অন্যতম কাম হৈছে লিখনিৰ প্ৰস্তুতকৰন। অনলাইনত সদায় সুদৃঢ় ভিত্তি থকা তথা গৱেষণামূলক লিখনিৰ চাহিদা সদায়েই বেছি। আৰু এনে লিখনিৰ মূল লক্ষ্যই হৈছে পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰা যাৰ দ্বাৰা উপাৰ্জন লাভ কৰিব পৰা যায়।

এনে কাম আৰম্ভ কৰাৰ আগতে Pay Pal আদিৰ দৰে প্ৰতিষ্ঠানৰ একাউণ্ট খুলিব লাগিব। তাৰ পিছতেই আপুনি Fiverr.com, Upwork.com আদিৰ দৰে চাইট সমূহত এই ধৰণৰ লিখনি প্রস্তুতকৰণৰ কাম কৰি লাভৱান হ’ব পাৰে।

উপাৰ্জনৰ হাৰ: আৰম্ভণিতে ₹.৫০০০-₹.১০,০০০ লৈকে আৰু পাছলৈ তাতকৈও বেছিকে উপাৰ্জন কৰিব পৰা যায়।

 

#৮ ডাটা এন্ত্রি:

ডাটা এন্টি হৈছে অনলাইনত কৰিব পৰা অন্যতম এটা লাভজনক ব্যৱসায়। বৰ্তমানেও এনে বহুতো Data Entry কাম অনলাইনত বৃহৎ পৰিমাণত পোৱা যায়। এনে ব্যৱসায়ৰ বাবে নূন্যতম কিছুমান উপাদানৰ প্ৰয়োজন(Computer, Typing Skill) ইত্যাদি। অনলাইনত উপলব্দ্ধ Freelancing চাইট সমূহত এনে কাম বৃহৎ হাৰত পোৱা যায়।

উপাৰ্জনৰ হাৰ: ₹.৩০০-১৫০০ প্ৰতিঘণ্টাত।

 

#৯ অনলাইনত শিক্ষাদান:

যদিহে আপোনাৰ ইতিমধ্যে শিক্ষকতাৰ অভিজ্ঞতা আছে তেন্তে আপুনি নিশ্চিতভাবে এনে ব্যৱসায় আত্ম বিশ্বাসৰ সৈতে আৰম্ভ কৰিব পাৰে। তাৰ বাবে আপুনি MyPrivateTutor.comBharatTutors.com, tutorindia.net আদিৰ দৰে ৱেবচাইট সমূহত সদস্যভুক্ত হ’ব লাগিব। তাৰ পিছত নিৰ্দিষ্ট তথা চাইটত যোগান ধৰি এনেদৰে অনলাইনত শিক্ষা দি উপাৰ্জন কৰিব পাৰি।

উপাৰ্জনৰ হাৰ: আৰম্ভনিতে ₹.২০০-₹.৫০০ প্ৰতি ঘণ্টা লৈকে।

গতিকে এনেদৰেই আপুনি ঘৰতেই বহি অনলাইনত উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিব পৰা যায়।

Ping Me

ANKURAN GOGOI

This is AnkuranJyoti Gogoi and this is a bit copy about him. He is a professional part-time Assamese blogger, a self-made businessman, and a workaholic. He loves to read books and write articles in regional Assamese language for www.useyourideas.com.
Ping Me

Leave a Reply

Your email address will not be published. Required fields are marked *