মাত্ৰ ১০,০০০ টকাৰ মুলধনেৰে আৰম্ভ কৰিব পৰা ক্ষুদ্ৰ অথচ লাভজনক ব্যৱসায়ৰ তালিকা

By | March 18, 2017

অতিজৰে পৰা মাথো মূলধনেই এজন উদ্যোগী ব্যক্তিৰ সৃস্টিৰ ক্ষেত্ৰত মূল হেঙাৰ হৈ থিয় দি আহিছে |বহুজনে তেওঁলোকৰ কৰ্মকুশলতা, সৃজনীশীলতা সপোন সমূহক পূ্ৰ্ণৰূ্প দিয়াৰ আগতেই মূলধন নোহোৱা অথবা পৰ্যাপ্ত নোহোৱাৰ বাবেই তেওঁলোকে ব্যৱসায় সমূহৰ সুফল ভোগ কৰিব নোৱাৰেনেৰানেপেৰা প্ৰচেষ্টা তথা এক কঠোৰ সংগ্ৰামৰ সহায়তহে নিজৰ ব্যৱসায়ৰ ধাৰণাবোৰক সঁচা কৰি নিজৰ বাবে সমসাময়িক বজাৰৰ এক সুকীয়া স্থানত অৱস্থান কৰিব পৰা যায় |

আমি এটা কথা নিশ্চিতভাৱে বুজি উঠিব লাগিব যে আমাৰ সৃজনীধাৰণা, কাৰ্যদক্ষতা তথা সংগ্ৰামে আমাক  এক প্ৰতিস্থানৰ স্বীকৃতি দিব, সেই প্ৰতিষ্ঠানে আমাক নতুন জনমানসৰ সৈতে চিনাকী কৰিব আৰু সেই জনমানসেই আমাক পৰিচয় কৰাব এখন সুকীয়া বজাৰৰ | বৰ্তমানৰ সফলতাৰ তুংগত অৱস্থান কৰা অন্যতম উদ্যোগী সকল যেনে :- Bill Gates(Microsoft), Mark Zuckerberg(Facebook), Elon Musk(Tesla & SpaceX) আদি সকলোৱেই নিজৰ ব্যৱসায় কিছুমান সৰু ধাৰণাৰ পৰাই আৰম্ভ কৰিছিল | Zuckerberg-এ প্ৰথমে কেৱল হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰছাত্ৰীক সাঙুৰীহে ফেচবুক আৰম্ভ কৰিছিল | একেদৰেই Microsoft স্ব্ৰষ্টা Bill Gates নিজৰ কলেজীয়া শিক্ষা সামৰিহে তেওঁৰ ব্যৱসায় আৰম্ভ কৰিছিল | ইয়াৰ পৰাই বুজা যায় যে ব্যৱসায়ৰ বাবে প্ৰথমতে আমাক প্ৰয়োজন সুস্থ ব্যৱসায়িক ধাৰণা, যাৰ কেতিয়াও মূল্য নিৰুপন কৰিব পৰা নাযায় | লগতে লাগিব এই ধাৰণাক সচা কৰি তোলিব পৰা অক্লান্ত প্ৰচেষ্টা আৰু সংগ্ৰামৰ |

সৰ্বসাধাৰনতে জনমানসত উদয় হোৱা এটা প্ৰশ্ন হল মাত্ৰ ১০,০০০ টকাত এটা ব্যবসায় আৰম্ভ কৰিব পৰা যায়নে ? একেষাৰতে কব পাৰি যে পৰা যায় নিম্নলিখিত তালিকাত তেনেধৰণৰ কিছুমান সৰু ব্যৱসায়ৰ ধাৰণাৰ কথা তালিকাভুক্ত কৰা হল

#1 ট্ৰেভেল এজেঞ্চি(Travel Agency):

ওপৰত উল্লেখিত ধৰণৰ অন্যতম ব্যৱসায় হ’ল ট্ৰেভেল এজেঞ্চি । আপুনি ৰেলৰ টিকেট, বাছৰ টিকেট বা এয়াৰ টিকেটৰ বুকিংৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে । আজিকালি এইটো ব্যৱসায় যথেষ্ট লাভজনক হিচাপে পৰিগণিত হৈছে । ইয়াৰ বাবে বাছৰ টিকেট দিব পৰা এজেণ্টৰ লগত লগ হব লাগিব আৰু IRCTC ৰ এজেণ্ট -একাউণ্ট খুলিব লাগিব ।এইদৰে আপুনি আপোনাৰ ট্ৰেভেল এজেঞ্চি খুলিব পাৰিব।

 

 #2 ফটোগ্ৰাফী

বৰ্তমানে পেছাদাৰী ফটোগ্ৰাফীও সমসাময়িক কালৰ এক অন্যতম লাভজনক ব্যৱসায় যদিহে আপোনাৰ ওচৰত উন্নতমানৰ (HD) কেমেৰা আছে, ইয়াত আপোনাৰ একমাত্ৰ পূঁজি হল নিজৰ পৰিচয় জনমানসত উপস্থাপন কৰিব পৰাকৈ কাৰ্যপন্থা লোৱাৰ বাবে সময়ৰ প্ৰয়োজন | নিজৰ পৰিচয় জনমানসত উপস্থাপন কৰিব পৰাকৈ লব লগীয়া ভিন্ন ধাৰণা তথা কাৰ্যপন্থাৰ বাবে প্ৰয়োজনীয় সময খৰছ কৰিব লাগিব | একান্ত সংগ্ৰাম, নতুনত্বক শিকাৰ প্ৰচেষ্টা তথা ধৰ্য্যৰ সহায়তহে এজন সফল ফটোগ্ৰাফাৰ হব পৰা যায় |

 

 #3 বিয়োক্তিগত টিউচন ৰ প্ৰতিষ্ঠান(Coaching Center):

মাত্ৰ 2000-3000 টকাৰ ভিতৰত আৰম্ভ কৰিব পৰা এটা অতি লাভজনক ব্যৱসায় হ’ল এনে প্ৰতিষ্ঠান সমূহ । এই ব্যৱসায় দ্বাৰা বহু নিবনুৱা লোকে সংস্থাপন লাভ কৰিব পাৰে ।

 

#4 মোবাইল ৰিচাৰ্জ আৰু চিম কাৰ্ডৰ বিপনি(Mobile Recharge Shop):

recharge

আজিকালিৰ জীৱন যাত্ৰাত এক অপৰিহাৰ্য স্থান দখল কৰিছে মোবাইলে । যদিও মোবাইল প্ৰতিষ্ঠান সমূহ অনলাইন ভাবে ৰিচাৰ্জ আদি কৰাৰ সুবিধা গ্ৰাহকলৈ আগবঢ়াইছে তথাপিও বৰ্তমানলৈ প্রায় ৯৫% লোকেই মোবাইল ৰিচাৰ্জৰ দোকানৰ পৰাহে মোবাইল ৰিচাৰ্জ কৰাতোহে পছন্দ কৰে । গতিকে এই ব্যৱসায়ও নিশ্চিত ভাবে লাভজনক ব্যৱসায় । তদুপৰি চিম কাৰ্ডৰ বিক্ৰিট অধিক লাভাম্বিত হয় । মাত্ৰ ৩,০০০-৫,০০০ টকাৰ মূলধনেৰে ই লাভজনক ব্যৱসায়।

 

#5 চাহ জলপানৰ বিপনি তথা ফাষ্ট ফুডৰ দোকান(Breakfast cum fast food shop):

প্ৰথমতেই ৫,০০০-৯,০০০ টকাৰ মূলধনৰ ব্যৱহাৰেৰে এজন নিবনুৱাই এনে এখন দোকান খুলি স্বাভলম্বী হ’ব পাৰে। বৰ্তমান সময়ত এনে ফাষ্ট ফুডৰ চাহিদা আমাৰ মাজত সৰ্বাধিক। এজন পৰিচায়ক তথা ৰান্ধনীৰ লগ হৈ এনে ব্যৱসায় আৰম্ভ কৰি বহলভাৱে লাভ কৰিব পাৰে।

 

#6 মিনাৰেল পানী তথা শীতল পানীৰ ব্যবসায়(Water Supplier Business):

প্ৰায় ১০,০০০ টকাৰ মূলধনেৰ আৰম্ভ কৰিব পৰা এই ব্যৱসায়ত সৰ্বাধিক পৰিমানে লাভ কৰিব পৰা যায়।তদুপৰি এখন মালবাহী বাহন তথা বাসনচালক লব পাৰিলে এই ব্যৱসায়ত অধিক লাভ কৰিব পৰা যায়।বিয়া সবাহ আদি বিভিন্ন অনুষ্ঠানত এনে পানী তথা পানীয় যোগান ধৰি অধিক লাভবান হ’ব পাৰে।

Business : 10 Proven Profitable Business Ideas To Start Under Rs. 10,000 In India

#7 সতেজ ফলৰ ৰসৰ ব্যৱসায়(Fresh Juice Shop):

ফলৰ ৰস প্ৰস্তুতৰ মেচিন ক্ৰয় কৰি অতি কম মূলধনেৰে এনে ব্যবসায়ৰ পৰা লাভৱান হব পৰা যায়। বিশেষকৈ গৰমৰ দিনত এই ব্যৱসায়ৰ লাভ অধিক হয়।

 

#8 সজাত্মক সামগ্ৰীৰ দোকান(Decoration Shop):

ডাঙৰ চহৰ, নগৰ বোৰকে আদি কৰি প্ৰায় সকলোবোৰ ঠাইতেই মানুহে প্ৰায়েই এনে সজাত্মক সামগ্ৰী সমূহ বিচাৰি হাবাথুৰি খাব লগীয়া হয় । খুব সৰু বস্তু কিন্তু জন্মদিন, বিয়া আদিত সজোৱাৰ বাবে জৰুৰী । এনেও সঁজাত্মক সমগ্ৰীৰ দোকান খুলি নিবনুৱাসমূহ নিচিতভাবে লাভবান হব পাৰিব।ইয়াৰ বাবে মাত্ৰ ৭,০০০-৯,০০০ টকাৰ মূলধনৰ প্ৰয়োজন।

 

#9 দ্ৰপ চিপিং(Drop-Shipping):

বৰ্তমান অনলাইন ব্যৱসায়ে জনপ্ৰিয়তা লাভ কৰাৰ লগে লগে তেনে ব্যৱসায়িক প্ৰতিষ্ঠান যেনে:-ইন্ডিয়ামাৰ্ট,আলিবাবা আদিয়ে প্ৰস্তুত কৰা বস্তুসমূহ ক্ৰয় কৰোতাৰ হাতলৈ দিয়াৰ বাবে মধ্যস্থতা-কাৰী প্ৰয়োজন হয়। অতি কম মূলধন ব্যৱহাৰ কৰি এনে মধ্যস্থতা-কাৰীৰ ৰূপে ব্যৱসায় কৰি আপুনি লাভবান হব পাৰে।আমাৰ মাজত চলি থকা সৰু অথচ লাভজনক এনে ব্যৱসায় সমূহ কৰি আমি লাভবান হব পাৰো।

 

#10 নাৰ্চাৰী(Nursery):

ব্যৱসায়

বৰ্তমান ভাৰতবৰ্ষত এই ব্যৱসায় হৈছে আটাইতকৈ দ্ৰুত বিকশিত ব্যৱসায়। আমাৰ সমাজৰ মানুহবোৰৰ মাজত শিক্ষাৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ লগে লগে বিভিন্ন ফুল-ফল-গছৰ সুবিধা তথা সুৰুচিৰ প্ৰতি আকৰ্ষিত হৈছে। সেই অনুপাতেই এনে পুলিৰ নাৰ্চাৰি খোলাটোও এক অন্যতম লাভজনক ব্যৱসায় হৈ পৰিছে। বিশেককৈ নগৰীয়া অঞ্চলত বৰ্দ্ধিত কংক্ৰিটৰ প্ৰয়োভৰৰ মাজত এনে ফুলণি আদিৰ ব্যাপক সমাদৰ বাঢ়িছে। গতিকে এনে ব্যৱসায় কৰিও নিবনুৱা সকলে সংস্থাপন লাভ কৰিব পাৰে। নূন্যতম মূলধনেৰে আৰম্ভ কৰি বহুলভাৱে লাভ কৰিব পৰা যায়।

উক্ত ব্যৱসায় সমূহ মাত্ৰ 10,000 টকাৰ মুলধনেৰে আৰম্ভ কৰিব পৰা যায় । আমাৰ মাজত চলি থকা সৰু অথচ লাভজনক এনে ব্যৱসায় সমূহ কৰি নিবনুৱাসমূহে লাভৱান হ’ব পাৰে ।

সবিশেষ জানিবৰ বাবে তলৰ ভিডিউটিত click কৰক-

 

 

 

3 thoughts on “মাত্ৰ ১০,০০০ টকাৰ মুলধনেৰে আৰম্ভ কৰিব পৰা ক্ষুদ্ৰ অথচ লাভজনক ব্যৱসায়ৰ তালিকা

  1. Dublin Cannabis

    I am not even kidding, you are a Jedi when it comes to this stuff. I truly think this website needs much more consideration. I will probably be again to read much more, thanks for that info. Great post and thought|Thanks for expressing your own post I�d constantly stick to|Thank you almost all for the details. awesome insight.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *