ফটোগ্ৰাফী দ্বাৰা টকা উপাৰ্জন কৰিব পৰা ১০ টা উপায়

By | October 16, 2017

ফটোগ্ৰাফী দ্বাৰা টকা উপাৰ্জন

ফটোগ্ৰাফী দ্বাৰা টকা উপাৰ্জন

Request:
www.useyourideas.comৰ যোগেদি ইণ্টাৰনেটত অসমীয়াত লিখাৰ এই শুদ্ৰ প্ৰচেষ্টাত যদি কিবা ভুল-ক্ৰুটি থাকি যায় তাক আঙুলিয়াই দিবলৈ আৰু লিখনিতোৰ ওপৰত আপোনাৰ মতামত দি আমাক উৎসাহিত কৰিবলৈ সমূহ পঢ়ুৱৈক অনুৰোধ জনালোঁ।”

সাধাৰণতে বহুত লোকেই অজ্ঞাতে ফটোগ্ৰাফীক ধন উপাৰ্জনৰ পথ হিচাপে ব্যৱহাৰ নকৰে। ফটোগ্ৰাফী এটা অন্যতম সুৰুচিৰ আৰু সময় অতিবাহিত কৰা সুন্দৰ উপায় উপৰিও ই এটা লোভনীয় পেছা।ফটোগ্ৰাফী(Photography) দ্বাৰা বৃহৎভাবে লাভ কৰিব পৰা যায়।

ইয়াত আমি ফটোগ্ৰাফীৰ পৰা উপার্জন কৰিব পৰা দহটা উপায় উল্লেখ কৰিম। আৰু সেই উপায় সমূহ অৱলম্বন কৰিবলৈ সপ্তাহটোৰ মাত্ৰ কেইঘণ্টামান সময়ৰ প্ৰয়োজন হ’ব।

ফটোগ্ৰাফীৰ পেছা আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় কিছুমান কথা-

  • অনুৰাগীৰ মাজত জনপ্ৰিয়তা:- সাধাৰণতে মানুহে কোনো অচিনাকি লোকৰ পৰা আলোকচিত্ৰ ক্ৰয় নকৰে। আলোকচিত্ৰ বিক্ৰী কৰাৰ আটাইতকৈ ভাল উপায় হৈছে জনমানসত নিজৰ উন্নতমানৰ আলোকচিত্ৰৰ যোগেদি অনুৰাগীৰ সৃষ্টি কৰা। যাৰ বাবে ফেচবুকৰ পেজ(Facebook Page) খোলাৰ দৰে ছচিয়েল মেডিয়া সমূহৰ সহায় লৈ নিজৰ আলোকচিত্ৰ সমূহ প্ৰকাশ কৰিব পৰা যায়।
  • উন্নত মানদণ্ড:- যদিহে আপুনি প্ৰস্তুত কৰা ফটোৰ মান যদি যথেষ্ট উন্নত নহয় তেন্তে সেই ফটো কোনো মতে বিক্ৰীৰ বাবে মুকলি কৰা উচিত নহয়।
  • ব্যতিক্ৰমী প্ৰচেষ্টাৰ প্ৰয়োজন:- যিমানেই ব্যতিক্ৰমী প্ৰচেষ্টাৰে নিজৰ কুশলতা প্ৰকাশ কৰিব পৰা যাব সিমানেই ফটোগ্ৰাফাৰ এজন লাভৱান হ’ব।

#১ অনুষ্ঠানৰ ফটোগ্ৰাফাৰ

এই বিশেষ অনুষ্ঠান সমূহ হৈছে অতি সুন্দৰ সুযোগ তথা সম্ভাৱনা। লোকসকলে নিজৰ গুৰুত্বপূৰ্ন মুহূৰ্ত সমূহৰ স্মৃতি ধৰি ৰাখিবলৈ এজন ফটোগ্ৰাফাৰৰ নিশ্চিতভাৱে প্ৰয়োজন। বহু লোকে নিজৰ ফটো সমূহ বাহিৰৰ মুকলি ঠাইত তথা বিভিন্ন প্ৰাকৃতিক সম্পন্ন ঠাইত লোৱাতো পছন্দ কৰে। গতিকে নিজৰ ষ্টুডিঅ’ অবিহনেও এনে ধৰণৰ ফটোগ্ৰাফী কৰিব পৰা যায়।

এই কামত আগবাঢ়িবলৈ নিজৰ এটা সুপৰিচয় জনমানসত দাঙি ধৰাটোৱে ফটোগ্ৰাফাৰ এজনৰ প্ৰথম কাম। তাৰ বাবে তেওঁ নিজৰ কথা আত্মীয়–স্বজন বন্ধু–বান্ধৱ তথা ছছিয়েল মেডিয়াত প্ৰকাশ কৰি জনপ্ৰিয়তা লাভ কৰিব লাগিব।

উপাৰ্জন কৰিব পৰা অনুষ্ঠান সমূহ-

  • বিবাহ অনুষ্ঠান
  • পৰিয়াল ভিত্তিক
  • শিশু/নবজাতকৰ ফটো
  • পোহনীয়া জন্তুৰ ফটো
  • বৃদ্ধ লোক সমূহৰ ফটো

#২ ষ্টক বিক্ৰীৰ ফটো

ফটোগ্ৰাফীৰ পৰা মোটা আয়ৰ কথা চিন্তা কৰিছে নেকি ? যদি হয়                              তেন্তে  iStockShutterstockSmugMug ইত্যাদি বিশেষ চাইট সমূহলৈ অৱদান আগবঢ়াব লাগিব বা ফটোসমূহ নিজৰ ব্যক্তিগত FLIKR একাউণ্টত তুলিব লাগিব।

ষ্টকৰ ফটোসমূহ কেনেকৈ বিক্ৰী কৰিব লাগে:-

  • বৰঙণি আগবঢ়োৱাৰ নতুন একাউণ্ট খুলিব লাগিব।যাৰ বাবে আপুনি নিজৰ কিছুমান বিশেষ তথ্য যোগান ধৰিব লাগিব।
  • তাৰ তথ্য সমূহ পঢ়িব লাগিব বা তাত ফটো তুলিব ৰ বাবে প্ৰয়োজনীয় নিয়ম জ্ঞাত হব লাগিব।
  • আপোনাৰ নিজৰ ফটো তথা ফটো বিষয়ক তথ্য আৰু প্ৰয়োজনীয় শব্দ আদি তুলিব লাগিব।
  • তাৰপিছত আপোনাৰ ষ্টকৰ ফটো তুলিব লাগিব।

#৩ স্মাৰ্ট ফোনৰ দ্বাৰা ফটো বিক্ৰী

আপুনি নিজৰ স্মাৰ্ট ফোন ব্যৱহাৰ কৰিও ফটোসমূহৰ পৰা উপাৰ্জন কৰিব পাৰে। দৈনন্দিন ভাবে নিৰ্দিষ্ট এপ্লিকেচনৰ(Apps) সহায়ত নিৰ্দিষ্ট চাইত সমূহৰ ফটোসমূহ upload কৰিব পৰা যায়।

তেনে এপ্লিকেচনবোৰ হল :-

  1. Scoopshot
  2. Snapwire
  3. Foap
  4. Fyndr

#৪ স্থানীয় কাকত আৰু আলোচনী

এনেধৰণৰ ফটোগ্ৰাফীৰ কামৰ বাবে স্থানীয় কাকত আৰু আলোচনীবোৰত খবৰ কৰিব লাগিব। এইটো এটা টকা উপাৰ্জনৰ ভাল উপায়। নিজৰ সঠিক জনপ্ৰিয়তাৰ সহায়ত নিজৰ ফটোবোৰৰ সহায়ত নতুন কাম সমূহ লাভ কৰিব লাগিব। ভাল কামৰ বিপৰীতে তেওঁলোকে আপোনাক কাম দিব। তাৰ এনেদৰে আৰু ডাঙৰ কামৰ পাতনি মেলিব পাৰিব।

আকৌ নিজাববীয়াকৈ কিছুমান অনুষ্ঠান ঘটনাৰ কাহিনী যুগুত কৰি স্থানীয় কাকত তথা আলোচনীত দি লাভৱান হব পৰা যায়।

#৫ সহকাৰী ফটোগাফাৰ

এজন সহকাৰী হিচাপে কাম কৰি অতি সোনকালে উপাৰ্জন আৰম্ভ কৰিব পৰা যায়। বহুতো নামি ফটো গ্ৰাফাৰক সহকাৰী ফটো গ্ৰাফাৰৰ প্ৰয়োজন হয় বিভিন্ন ফটোচোটৰ বাবে। এনে কামত সৰ্বাধিক ভাৱে অভিজ্ঞতা আহৰণ কৰিব পৰা যায়। চচিয়েল মেডিয়া, অনুষ্ঠান তথা ফটোগ্ৰাফীৰ ক্লাব সমূহৰ পৰা ফটোগ্ৰাফাৰ সমূহৰ সৈতে সংযোগ স্থাপন কৰিব পৰা যায়। এনেধৰণৰ সংযোগ সমূহৰদ্বাৰা ই সংযোগ লাভ কৰিব পৰা যায়।

#৬ প্ৰতিযোগিতাত ভাগ লোৱা

এইটো এটা বিষয় যাৰ বিষয়ে প্ৰায়ভাগ মানুহে পাহৰিবলৈ চেষ্টা কৰে কাৰণ তেওঁলোকে নিজৰ ফটোসমূহৰ মানদণ্ডকলৈ সন্দেহ কৰে। কিন্তু আমি আপোনাক আশ্বাস দিওঁ যে আপুনিও এনে প্ৰতিযোগিতাৰ পৰা সুফল লাভ কৰিব পাৰিব।

আপোনাৰ লগৰ প্ৰতিযোগী সকল বেলেগ বেলেগ অভিজ্ঞতা সম্পন্ন তথা বেলেগ মানদণ্ডৰ গতিকে আপুনি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম নহলেও কিন্তু বহু ধৰণৰ কথা শিকিব পৰা যাব। গতিকে এনে প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব লাগে।

#৭ ফটোগ্ৰাফী ব্লগ বা ইউটিউব চেনেল

ফটোগাফীৰদ্বাৰা উপাৰ্জনৰ অন্যতম উপায় হল নিজৰ ফটোগ্ৰাফী ব্লগ অথবা ইউটিউব চেনেল। ব্লগ সমূহত ফটোগ্ৰাফীৰ শিক্ষা, কৌশল বা সমালোচনা তথা ফটোগ্ৰাফীৰ চফ্টৱেৰ আদিৰ বিষয়ে আলোচনা কৰিব পৰা যায়।

একেদৰে ইউটিউব চেনেলৰ যোগেদি ও নিজৰ ফটো প্ৰকাশ কৰি উপাৰ্জন আৰম্ভ কৰিব পৰা যায়।

#৮ পেপাৰজ্জি(Paparazzi)

যদিহে আপুনি প্ৰসিদ্ধ ‌ব্যক্তিসমূহ যেনে – চলচিত্ৰ তাৰকা, ক্ৰিয়া জগতৰ তাৰকা আদিৰ সঘনে আহ–যাহ থকা ঠাইত থাকে তেন্তে এনে পেপাৰাজ্জি ফটোগ্ৰাফী আপোনাৰ বাবে উপযুক্ত। এনে ফটোগ্ৰাফাৰ সমূহৰ উপাৰ্জন যথেষ্ট ভাল তথা তেওঁলোকৰ কামৰ যথেষ্ট চাহিদা আছে। তাৰ এনে ফটোগ্ৰাফী সমূহ আপুনি আলোচনী তথা কাকতসমূহত বিক্ৰী কৰিব পাৰে।

#৯ মাটি-বাৰী সম্পৰ্কীয় ব্যৱসায়ৰ ফটোগ্ৰাফাৰ

মাটি–বাৰী সম্পৰ্কীয় ব্যৱসায়টো এজন ফটোগ্ৰাফাৰৰ বাবে উপাৰ্জনৰ সুবিধা আছে। ঘৰ আদিৰ ভিতৰৰ তথা বাহিৰৰ ফটোগ্ৰাফীৰ আদিৰ বাবে আপুনি এনে ব্যৱসায়ক এজেণ্টৰ টকা লাভ কৰিব পাৰে। গতিকে এইধৰণৰ ব্যৱসায়ৰ বাবে এনে এজেণ্টৰ সৈতে যোগাযোগ ৰক্ষা কৰিব লাগিব।

#১০ ফটো এডিটিং

সবসাধাৰনতে ফটো এডিটিং কামটোক ফটোগ্ৰাফী বুলি ভবা নাযায়। কিন্তু বৰ্তমানে ই এটা বৃহৎ ব্যৱসায়।বৰ্তমানে ফটো এডিটিং নকৰাকৈ কোনো ফটোৱে ব্যৱহাৰ কৰা দেখা নাযায়। ফটো ক্ৰপ কৰাকে আদি কৰি বহুতো এডিটিং কৰা ফটোহে জনসাধাৰণৰ মাজলৈ দিয়া হয়। গতিকে ইয়াৰ বাবে ফটো এডিটিঙৰ ভাল জ্ঞান থাকিব লাগিব, তদুপৰি Adobe Photoshop বা GIMP ৰ দৰে ছফ্টৱেৰো ব্যৱহাৰ কৰিব লাগিব।

এইবোৰ মাত্ৰ কিছুমান সাধাৰণ উপায় যাৰ দ্বাৰা ফটোগ্ৰাফীৰ যোগেদি উপাৰ্জন কৰিব পৰা যায়।

Ping Me

ANKURAN GOGOI

This is AnkuranJyoti Gogoi and this is a bit copy about him. He is a professional part-time Assamese blogger, a self-made businessman, and a workaholic. He loves to read books and write articles in regional Assamese language for www.useyourideas.com.
Ping Me

One thought on “ফটোগ্ৰাফী দ্বাৰা টকা উপাৰ্জন কৰিব পৰা ১০ টা উপায়

Leave a Reply

Your email address will not be published. Required fields are marked *