ই-বুক (eBook)-ৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব পৰা যায়।

By | September 21, 2017

ই-বুক (eBook)-ৰ ব্যৱসায়

ই-বুক (eBook)-ৰ ব্যৱসায়

Request:
useyourideas.com  ৰ যোগেদি ইণ্টাৰনেটত অসমীয়াত লিখাৰ এই শুদ্ৰ প্ৰচেষ্টাত যদি কিবা ভুল-ক্ৰুটি থাকি যায় তাক আঙুলিয়াই দিবলৈ আৰু লিখনিতোৰ ওপৰত আপোনাৰ মতামত দি আমাক উৎসাহিত কৰিবলৈ সমূহ পঢ়ুৱৈক অনুৰোধ জনালোঁ।”

কিতাপ পঢ়াটো বহুতো লোকৰেই জনপ্ৰিয় ৰুচি।আমি পঢ়া বুলি কলে মূলতঃ ছপা কৰা কিতাপৰ কথাই বুজি পাওঁ।বৰ্তমানে কিন্তু আৰু এক ধৰণৰ প্ৰযুক্তিৰ কিতাপে সেই ছপা কিতাপৰ ইষ্ঠান দখল কৰিছেহি সেয়া হৈছে ই-বুক বা ইলেক্ট্ৰনিক বুক/ইলেক্ট্ৰনিক কিতাপ।এই ধৰণৰ কিতাপেই এতিয়া পঢ়ুৱৈৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰিছে কাৰণ এনেধৰণৰ কিতাপৰ বাবে পঢ়ুৱৈয়ে ছপাশালৰ পৰা বিপনীলৈকে দীঘলীয়া সময়ছোৱা অপেক্ষা কৰিব নালাগে।এনেধৰণৰ কিতাপৰ বাবে আমি ছপাৰ খৰছ/পৰিবহণৰ খৰছ ইত্যাদিবোৰ হ্ৰাস হৈ মূল কিতাপৰ দাম কমি যায়।

ক্ৰমান্বয়ে গোটেই পৃথিৱীতেই বিয়পি পৰা এনে ই-বুকৰ ব্যৱসায়য়ো নিশ্চিতভাৱে এক লাভজনক ব্যৱসায়ৰূপে চিহ্নিত হৈছে।বৰ্তমানে বিশ্বৰ কিতাপৰ বজাৰৰ প্ৰায় ৬০০-৭০০ কোটি টকাৰ ব্যৱসায় ই-বুকে অধিকাৰ কৰিছে আৰু আশা কৰা হৈছে শ্রীঘেই ইয়াৰ হাৰ আৰু বৃদ্ধি পাব।

উদ্যোগী ব্যক্তি সমূহৰ বাবে ই-বুকৰ গুণ সমূহ:

  • বিষয় আৰু প্ৰসংগক্ৰমে অতি কম সময়ৰ ভিতৰতে ই-বুক প্ৰকাশ কৰিব পৰা যায়।
  • অতি কম খৰছতেই প্ৰকাশ কৰি উলিয়াব পৰা যায়।বহুতো প্ৰকাশকে এনে ই-বুক বিনামূলীয়াকৈ যোগদান ধৰে।
  • এনে ই-বুকে ঘৰুৱাভাৱে আৰম্ভ কৰিব বিচৰা ব্যৱসায়ক এক নতুন গতি প্ৰদান কৰিব পাৰে।

ই-বুকৰ ব্যৱসায় আৰম্ভ কৰা সকলে দুটামান কথা নজৰত ৰাখিব লাগে যে :

  • আপোনালোকে নিজৰ ই-বুকৰ প্ৰচাৰৰ বাবে সংগ্ৰাম কৰিব লাগিব।
  • আপোনালোকে বিজ্ঞাপনৰ মানদণ্ড আৰু উপইস্থাপনৰ প্ৰক্ৰিয়াৰ ওপৰত চকু দিব লাগিব।
  • যিহেতু ই-বুকৰ দাম তুলনামূলকভাৱে কম গতিকে এনে ই-বুকৰ দ্বাৰা উপাজনৰ বাবে এক বৃহৎ পৰিমাণৰ ই-বুক বিক্ৰী কৰিব লাগিব।

লগতে ই-বুকৰ ক্ষেত্ৰত এই কথাতো চকু দিব লাগিব যে আপোনাৰ ই-বুকৰ কোনো ধৰণৰ চুৰি হোৱা নাই বা নীতিবহিভৃত ভাবে প্ৰচাৰ হোৱা নাই।তাৰ বাবে আপুনি ভাল Pdf ফাইল সৃষ্টি কৰিব পৰা ছফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰে।নহলে আপুনি নিশ্চিতভাবে লোকচানৰ সন্মুখীন হ’ব পাৰে।

#১ ই-বুকৰ প্ৰস্তুত কৰণ:

আপোনাৰ প্ৰথম কাম হৈছে এটা অতি প্ৰাসংগিক বিষয়ৰ বাচনি কৰা।যিয়ে আপোনাৰ বিচক্ষণতাৰ লগতে পঢ়ুৱৈৰ মনোযোগ আকৰ্ষণ কৰে।য’ত কোনো সমস্যাৰ স্থায়ী সমাধান থাকিব লাগিব ।

এবাৰ যিকোনো এটা বিষয়ৰ বাচনি কৰাৰ পিছত সেই বিষয়ত ভাল দৰে অধ্যয়নৰ নিতান্তই প্ৰয়োজন।তাৰ বাবে আপুনি বিভিন্ন উৎসৰ পৰা তথ্য লব পাৰে।

এনে ই-বুক লিখনৰ বাবে আপুনি office suite, Microsoft Office,  বা  openoffice.org ব্যৱহাৰ কৰিব পাৰে।

এইদৰে লিখা সম্পূৰ্ণ কৰাৰ পিছতেই আহি পৰিব ই-বুক খনৰ বিক্ৰীৰ কথা।আপুনি যদি মুষ্টিমেয় কিছুমান পঢ়ুৱৈৰ মাজত সীমাবদ্ধ ৰাখিব বিচাৰে তেন্তে আপুনি ই-মেইল ৰ সহায়ত নিৰ্বাচিত পঢ়ুৱৈক আপোনাৰ ই-বুকৰ কথা জনাব পাৰে।যদিহে আপুনি বৃহৎ পৰিমাণৰ লাভৰ  আশা কৰে তেন্তে আপুনি ইণ্টাৰনেট জগতৰ জনপ্ৰিয় ৱেবচাইট সমূহৰ কাষ চাপিব লাগিব।যাৰ দ্বাৰা আপুনি বৃহৎ ভাবে লাভবান হব পাৰে।

#২ আপোনাৰ ই-বুকৰ বিক্ৰী:

আপোনাৰ ই-বুকৰ বিক্ৰীৰ বাবে প্ৰথমতে এটা সুদৃঢ় প্ৰাসংগিকতাৰ প্ৰয়োজন হ’ব।যিয়ে আপোনাৰ ই-বুকৰ প্ৰয়োজনীয়তাৰ বিষয়ে বৰ্ণনা কৰিব।

লগতে অৰ্থ বিনিময়ৰ উপায়টোও বিচাৰিব লাগিব।তাৰ বাবে আপুনি ক্ৰেডিট কাৰ্ড (Credit Card) নতুবা Paypal ৰ দৰে সেৱাৰ সুবিধাও লব পাৰিব।

#৩ আপোনাৰ অনলাইন ই-বুকৰ বজাৰীকৰণ:

আপোনাৰ ই-বুক লিখা হ’ল, ৱেবছাইতত বিক্ৰীৰ বাবে সাজুও কৰা হ’ল কিন্তু গ্ৰাহকৰ বাবে আপুনি বজাৰীকৰণ বা Marketing আৰম্ভ কৰিব লাগিব।ইণ্টাৰনেটৱেই এনে বহুত উপায় আছে যাৰ দ্বাৰা আপুনি আপোনাৰ ই-বুকৰ প্ৰচাৰ কৰিব পাৰে।

#৪ Search Engine Optimization:

ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ বৃহৎ সংখ্যকেই Google, MSN, Yahoo ৰ দৰে জনপ্ৰিয় চাৰ্চ ইঞ্জিন ব্যৱহাৰ কৰি চাৰ্চ কৰে।গতিকে এনেধৰণৰ চাৰ্চ ইঞ্জিনৰ সৈতে বুজাবুজিৰে আপোনাৰ ই-বুকৰ নতুন প্ৰসাৰতাৰ সীমা নিৰ্ধাৰণ কৰিব পাৰে।

#৫ চাৰ্চ ইঞ্জিনৰ বাণিজ্যকৰণ:

চাৰ্চ ইঞ্জিনৰ Optimisation ৰ এটা অন্য উপায় হ’ল চাৰ্চ ইঞ্জিনৰ বাণিজ্যকৰণ। অথবা (Pay Per Click) প্ৰতিটো ক্লিকৰ বিপৰীতে পৰিশোধ বিজ্ঞাপন।

এই ধৰণৰ উপায়ৰ দ্বাৰা আপুনি অতি শ্রীঘেই আপোনাৰ আকাংক্ষিত বাণিজ্যিকৰণ লাভ কৰিব পাৰিব। তাৰ বাবে আপুনি Google Adword ৰ সহায় ল’ব লাগিব।

#৬ “ই-বে”(eBay) ত বিক্ৰী:

আপুনি আপোনাৰ ই-বুক eBay ত বিক্ৰী আৰম্ভ কৰিব পাৰে আৰু লাভৱান হ’ব পাৰে।

#৭ ই-মেইলৰ সহায়ত বাণিজ্যকৰণ:

যদিহে আপোনাৰ ওচৰত এনে লোকৰ তালিকা আছে যি আপোনাৰ বিষয় বস্তুৰ ওপৰত আগ্ৰহী তেওঁলোকক ই-মেইলৰ সহায়তেই আপোনাৰ ই-বুক বিক্ৰী কৰি লাভৱান হ’ব পাৰে। আনহাতে যদি আপোনাৰ ওচৰত তেনে কোনো তালিকা নাই তেন্তে তেনে তালিকা গোটাবৰ বাবে চেষ্টা কৰাটো প্ৰয়োজন যাতে আপুনি তাৰ সহায়ত বাণিজ্যকৰণ কৰিব পাৰে।

#৮ ফ’ৰাম (Forum) ব্যৱহাৰ যোগেদি বাণিজ্যকৰণ:

যদিহে আপোনাৰ ই-বুকৰ বিষয় বস্তুৰ সৈতে সমানজয়ক থকা কোনো ফ’ৰাম আপুনি বিচাৰি পায় তেন্তে তাৰ যোগদানৰ দ্বাৰা আপুনি আপোনাৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি কৰিব পাৰে।

#৯ টোকা লিখনিৰ দ্বাৰা বাণিজ্যকৰণ:

আপোনাৰ ই-বুকৰ বিষয় বস্তুৰ ওপৰত লেখা প্ৰস্তুত কৰি তথা প্ৰাৰ কৰি আপোনাৰ ই-বুকৰ বিক্ৰী বৃদ্ধি কৰিব পাৰে।

#১০ ব্লগ ব্যৱহাৰৰ যোগেদি ই-বুক বাণিজ্যকৰণ:

আপুনি নিজৰ ব্লগৰ যোগেদি নিজৰ ই-বুকৰ প্ৰচাৰ কৰিব পাৰে। যাৰ বাবে অলপ সময়ৰ প্ৰয়োজন হ’ব।আপোনাৰ ই-বুকৰ বিষয়বস্তুৰ ওপৰত টোকা লিখি নানান ব্লগত আপুনি দিব পাৰে যদিহে উপইষ্টসাপন প্ৰণালী আকৰ্ষণীয় ও অন্যতম হয় তেন্তে নিশ্চিতভাৱে আপুনি লাভৱান হ’ব। যিকোনো জনপ্রিয় ব্লগত যিবোৰৰ সৈতে আপোনাৰ ই-বুকৰ বিষয় বস্তু প্ৰাসংগিক তেনে ব্লগত বিজ্ঞাপন দি আপুনি আপোনাৰ ই-বুকৰ প্ৰচাৰ কৰিব পাৰে।

Ping Me

ANKURAN GOGOI

This is AnkuranJyoti Gogoi and this is a bit copy about him. He is a professional part-time Assamese blogger, a self-made businessman, and a workaholic. He loves to read books and write articles in regional Assamese language for www.useyourideas.com.
Ping Me
Category: Regional

About ANKURAN GOGOI

This is AnkuranJyoti Gogoi and this is a bit copy about him. He is a professional part-time Assamese blogger, a self-made businessman, and a workaholic. He loves to read books and write articles in regional Assamese language for www.useyourideas.com.

Leave a Reply

Your email address will not be published. Required fields are marked *