আধাৰ কাৰ্ড উলিওৱাৰ প্ৰক্ৰিয়া।

By | December 28, 2017

আধাৰ কাৰ্ড

আধাৰ কাৰ্ড

বৰ্তমানে বেংক, অফিছ কাছাৰীৰ ক্ষেত্ৰত বহুলভাৱে ব্যৱহৃত এটা নথি হ’ল আধাৰ কাৰ্ড। অসমকে ধৰি কেইখনমান বিশেষ ৰাজ্যৰ বাদে ভাৰতৰ সকলো ঠাইতেই এই আধাৰ কাৰ্ড বৰ্তমানে বাঞ্জনীয় হৈ পৰিছে। আৰু অদূৰ ভৱিষ্যতে অসমতো এই আধাৰ কাৰ্ড প্ৰয়োজন হ’ব। গতিকে আজি এই বিষয়ৰ ওপৰত আলোচনা কৰিম যে কেনেদৰে সহজে আধাৰ কাৰ্ড উলিয়াব পাৰি।

প্ৰথমতেই কৈ থোৱাটো ভাল হ’ব যে আধাৰ কাৰ্ড উলিওৱা প্ৰক্ৰিয়াটো যথেষ্ট দীৰ্ঘ কালীন। ই প্ৰক্ৰিয়াত ৯০-১০০ দিন পৰ্যন্ত প্ৰয়োজন হ’ব। গতিকে ধৈৰ্য সহকাৰে ভালদৰে নিৰীক্ষণৰ যোগেদি কাম সমূহ সম্পাদন কৰিব লাগে।

আধাৰ কাৰ্ড উলিয়াবৰ বাবে দুই ধৰণৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ’ব:

১. DEMOGRAPHIC INFORMATION: য’ত থাকিব নাম, জন্মৰ তাৰিখৰ বয়স, লিংগ, ঠিকনা, যোগাযোগৰ মোবাইল নম্বৰ আৰু ইমেইল আদিৰ সঠিক প্ৰমাণ পত্ৰ সমূহ।

২. BIOMETRIC INFORMATION: ইয়াত থাকিব, দহোটা আঙুলিৰ চাপ(Fingerprints), চকুৰ মণিৰ ছবি আৰু মুখ মণ্ডলৰ ফটো।

আধাৰ কাৰ্ডৰ এই প্ৰক্ৰিয়াটো সম্পূণভাৱে স্বেচ্ছাসেৱী। এই কাৰ্ডৰ বাবে আপুনি অনলাইনত কৰিব পাৰে যদিও আপোনাৰ নিকটৱত্তি পঞ্জীয়কৰ কায্যলৈ যাব লাগে বুলি মই ভাবো। আৰু পঞ্জীয়কৰ কায্যলতেই উপযুক্ত নথি সমূহ জমা দিব পৰা যায়।

আধাৰ কাৰ্ড উলিয়াবলৈ যাওঁতে নজৰ দিব লগা দুটামান বিশেষ কথা:

১. আধাৰ কাৰ্ড আবেদন প্ৰক্ৰিয়া সম্পূণ বিনামূলীয়া।

২. এই কাৰ্ডৰ বাবে জমা কৰিবলৈ উলিওৱা সকলো নথি নিখুঁট আৰু শুদ্ধ হোৱাটো বাঞ্চনীয়। তদুপৰি এবাৰ পঞ্জীয়কৰ কাৰ্যালয়ত নথি জমা কৰাৰ পিছত নিয়মীয়াকৈ অনলাইনত খবৰ ৰাখিব লাগিব।

৩. নিজাববীয়াকৈ অনলাইনত আধাৰ কাৰ্ড উলিওৱাৰ কথাটোত তেতিয়াহে সৈমান হ’ব পৰা যেতিয়া ওচৰত কোনো পঞ্জীয়কৰ কাৰ্যালয় নাথাকে।

আধাৰ কাৰ্ড উলিওৱাৰ প্ৰক্ৰিয়া:

১. প্ৰথমে আধাৰ কাৰ্ডৰ পঞ্জীয়নৰ কাৰ্যালয় এটা বিচাৰিব লাগিব। তাৰ বাবে আপুনি নেটত http://appointment.uidai.gov.in/centre ৱেবচাইটত লগ ইন(Log In) কৰিব লাগিব।

২. আপোনাৰ নিকটৱৰ্তী পঞ্জীয়ন কাৰ্যালয় বিচাৰি পোৱাৰ পিছতেই সেই কাৰ্যায়লয়ত আধাৰ কাৰ্ডৰ নথি জমাৰ বাবে অনলাইনতেই আগতীয়া appointment ল’ব পাৰে।

অথবা https://appointment.uidai.gov.in লগ ইন কৰিব পাৰে।

৩. সকলোবোৰ প্ৰ-পত্ৰৰ বিষয়ে বিশদভাৱে জানিবলৈ ১খন পৰিচয় পত্ৰ, ঠিকনাৰ প্ৰমাণ পত্ৰ আৰু জন্মৰ প্ৰমাণ পত্ৰ দিব লাগিব। প্ৰ-পত্ৰৰ তালিকা

৪. তাৰ পিছতেই আধাৰ কাৰ্ডৰ কাৰ্যালয়ত Enrolment form পূৰাব লাগিব। নতুবা আগতীয়াকৈ UIDAI ৰ ৱেবচাইটৰ পৰা ডাউনল’ড কৰিবও পৰা যায়।

৫. এই Enrolment form ৰ সৈতেই সকলোবোৰ নথি পত্ৰ জমা কৰিব লাগে। এই পঞ্জীয়নৰ কাৰ্যালয়তেই তেতিয়া Biometric প্ৰমাণ বোৰো সংগ্ৰহ কৰে।

৬. এই Enrolment ফ’ম জমা কৰাৰ পিছতেই আপুনি দহ অংকৰ এটা Enroloment নম্বৰ পাব যাৰ সহায়ত আপুনি আধাৰ কাৰ্ডৰ কামৰ অগ্ৰগতিৰ কথা গম পাব। এই Enrolment নম্বৰৰ সহায়তো আপুনি আয়কৰৰ নথিৰ কাম কৰিব পাৰে।

৭. সফল পৰীক্ষণৰ প্ৰায় ৯০-১০০ দিনৰ ভিতৰতেই আপুনি আধাৰ কাৰ্ড ডাকৰ যোগেদি লাভ কৰিব পাৰিব।

এই সাধাৰণ প্ৰক্ৰিয়া বোৰৰ মাজেৰে গৈয়েই আপুনি আধাৰ কাৰ্ড উলিয়াব পাৰে। গতিকে আপুনিও এবাৰ এই প্ৰক্ৰিয়াটোৰ দ্বাৰা চেষ্টা কৰি চাওক।

Read Also:
লগতে যদি এই লেখাৰ দ্বাৰা আপুনি উপকৃত হৈছে বা ভাল পাইছে তেন্তে নিশ্চিতভাবে আপোনাৰ চিনাকি সকলৰ মাজত শ্বেয়াৰ কৰক।
Ping Me

ANKURAN GOGOI

This is AnkuranJyoti Gogoi and this is a bit copy about him. He is a professional part-time Assamese blogger, a self-made businessman, and a workaholic. He loves to read books and write articles in regional Assamese language for www.useyourideas.com.
Ping Me